বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্রিজাইডিং বিষয়া ভুবনেশ্বৰ কলিতাই সমুদ্র পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক-২০২৫ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপনৰ প্ৰয়াস কৰে আৰু উত্থাপন কৰে যদিও বিৰোধীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত এ আই এ ডি এম কেৰ দুগৰাকী সাংসদ এম ধনপাল আৰু আই এছ ইনবাডুৰাইয়ে শপত গ্ৰহণ কৰে। উপ-সভাপতি হৰিবংশে প্ৰকাশ কৰা অনুসৰি, বিভিন্ন বিষয়ৰ সৈতে জড়িত পৃথক পৃথক ৰাজনৈতিক দলসমূহৰ পৰা তেওঁ ২৬ খন সভা স্থগিতকৰণৰ জাননী লাভ কৰে যদিও এই জাননীসমূহ অগ্রাহ্য কৰা হয়। ইয়াৰ পাছত তেওঁ শূণ্য ঘণ্টা ঘোষণা কৰাৰ চেষ্টা চলায় যদিও বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সভাৰ কাম-কাজ দুপৰীয়া ১২ বজালৈকে স্থগিত ৰখা হয়। ইয়াৰ পাছত সভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিৱেশেই বিৰাজ কৰাৰ ফলত পুনৰ ইয়াৰ কাম-কাজ দিনৰ ২ বজা পৰ্য্যন্ত স্থগিত ঘোষণা কৰা হয়।
Assamese | July 28, 2025 8:13 PM | Akashvani News | Parliament House | Rajya Sabha
বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত