ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ তেওঁ সমাজৰ কল্যাণৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰে৷ ৰাজ্যসভাৰ উপ সভাপতি গৰাকীয়ে আকাশবাণীৰ উদ্যোগত আজি নতুন দিল্লীত ড° ৰাজেন্দ্ৰ প্ৰসাদ সোঁৱৰণী বক্তৃতাত তেওঁৰ ভাষণত এই কথা কয়। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ অৱদান আৰু জীৱনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আকাশবাণীৰ ভূমিকাক আলোকপাত কৰি কয় যে আৰম্ভণিৰে পৰা আকাশবাণী ৰাষ্ট্ৰৰ কণ্ঠস্বৰ হৈ পৰিছে। তেওঁ কয়, এফালে আকাশবাণীয়ে বাতৰি প্ৰচাৰ কৰি প্ৰতিটো প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিছে, আনফালে অগণন শ্ৰোতাৰ আগত আকৰ্ষণীয় আৰু মানসম্পন্ন অনুষ্ঠান উপস্থাপন কৰিছে। অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্রধান প্রজ্ঞা পালিৱাল গৌৰো উপস্থিত থাকে।
Assamese | November 29, 2024 9:05 PM | Harivansh Narayan Singh | Rajendra Prasad | Rajya Sabha
দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ