July 29, 2026 10:12 PM | Rajya Sabha

printer

ৰাজ্যসভাত ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ আজি ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতি অপমান প্ৰতিৰোধ আইনখনক সংশোধন কৰিব বিচৰা হৈছে। প্ৰস্তাৱিত বিধেয়কখনত বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ সমান সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব বিচৰা হৈছে। বিধেয়কখনত এনে অপৰাধৰ বাবে ৩ বছৰ কাৰাদণ্ড, জৰিমণা বা উভয় প্ৰকাৰৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

বিধেয়কখন সন্দৰ্ভত উচ্চ সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে বিধেয়কখনৰ সংশোধন অকল আইনী পৰিৱৰ্তন নহয়, বৰং ইয়াৰ জৰিয়তে দেশৰ আত্মা, ৰাষ্ট্ৰীয় চেতনা, সাংস্কৃতিক ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰাজিৰ প্ৰতি সমূহীয়া প্ৰতিবদ্ধতা প্রতিফলিত হৈছে। তেওঁ কয়, যে ১৯৭১ চনত ৰাষ্ট্ৰীয় গৌৰৱৰ অপমান নিয়ন্ত্ৰণ আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ কয় যে বৰ্তমানৰ আইনৰ অধীনত ইচ্ছাকৃতভাৱে বন্দে মাতৰমৰ প্ৰতি অপমান কৰিলে ইয়াক দণ্ডনীয় বুলি গণ্য কৰা হ’ব। ১৮৭৫ চনত বংকিমচন্দ্ৰ চট্টোপধ্যায়ে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম্ ৰচনা কৰিছিল। 

১৯৩৫ চনত জৱাহৰলাল নেহৰু কংগ্ৰেছৰ সভাপতি হোৱাৰ সময়ত তেওঁ বন্দে মাতৰমক অকল ২ টা কলিতে সীমিত ৰাখিছিল বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে । নেতাজী সুভাষ চন্দ্ৰ বসুই ১৯২৮ চনত কংগ্ৰেছৰ সভাপতি অলংকৃত কৰাৰ সময়ত তেওঁ তিমিৰ বৰন বেনাৰ্জীৰ এই গীতটোৰ পূৰ্ণ আৰু মৰ্যদাপূর্ণ সংস্কৰণ প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছিল। মন্ত্ৰীগৰাকীয়ে কয়, যে ১৯৪৭ চনৰ ১৫ আগষ্টত চৰ্দাৰ বল্লভ ভাই পেটেলে পণ্ডিত ওমকাৰ নাথ ঠাকুৰক স্বাধীনতাৰ চিনস্বৰূপে পুৱা চাৰে ছয় বজাত আকাশবাণীযোগে বন্দে মাতৰম গোটেই গীতটো পৰিবেশন কৰিবলৈ অনুৰোধ জনাইছিল।

শ্ৰীৰায়ে কয় যে ১৯৫০ চনৰ ২৪ জানুৱাৰীত ড০ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানসভাত স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বন্দে মাতৰম গীতটি জন গণ মনৰ সমান মর্যাদা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছিল। বন্দে মাতৰমৰ বিৰোধিতা কৰা কাৰ্যই ৰাষ্ট্ৰীয় গৌৰৱৰ আওকান কৰা তোষামোদৰ নীতিক প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।