সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়।
এইবাৰৰ অধিবেশনত লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬, কৰাৰোপন আৰু অন্য আইন সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক ২০২৬ আৰু কেৰালা নাম পৰিৱৰ্তন বিধেয়ক ২০২৬কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়।
ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদার্থ উন্নয়ন আৰু নিয়ন্ত্রণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকুল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব বিচৰা হৈছে। উচ্চ সদনৰ কাম-কাজ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে সদনৰ কাম-কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্রকাশ কৰে।
তেওঁ কয়, যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত ১২ খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰী ৰাধাকৃষ্ণণে কয়, যে অধিৱেশনৰ সময়ছোৱাত মাত্র ৩৭ ঘণ্টা আৰু ৪৯ মিনিটতহে কাম-কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম-কাজৰ হাৰ ৩৯.১৭ শতাংশ হৈছে।
ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ডৰ হলদোৱানিৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয় উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্রদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল।
ইয়াৰ পাছতে সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ তদন্ত কৰা হ’ব বুলি সদনক আশ্বাস দিয়ে।