সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বর্ষাকালীন অধিবেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত দেওবাৰে চৰকাৰৰ আহ্বানমর্মে এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে।
বৈঠকৰ পাছত শ্রী ৰিজিজুৱে অধিবেশনৰ কামকাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
ইয়াৰ আগেয়ে দেওবাৰে বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসমূহে বিভিন্ন বিষয় লৈ প্রতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্রই কয় যে কংগ্রেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পার্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্রতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে।
তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্রাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে।
অবশ্যে প্রতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, চিপিআইএমৰ নেতা জন ব্রিটাছ, জে এ এ এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বর্ষাকালীন অধিবেশনত কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন কৰা হব।
দেওবাৰৰ বৈঠকত চৰকাৰে সদ্য নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হবলগীয়া সংসদৰ বর্ষাকালীন অধিবেশনৰ ১৩ আগষ্টত সামৰণি পৰিব।