June 28, 2024 5:08 PM

views 44

বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল'গান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এন...

June 25, 2024 1:08 PM

views 57

অষ্টাদশ লোকসভাৰ কালি প্ৰথমখন অধিৱেশনত নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অস্থায়ী অধ্যক্ষ ভার্চুহাৰি মহতাবক শপত বাক্য পাঠ কৰোৱায়। অধিৱেশনত প্ৰথমে নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ভার্তহাৰি মহতাবে শ্রীমোডীক শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নির্বাচন নোহোৱা পৰ্যন্ত শ্ৰীমহতাবক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষ পেনেলৰ শ...