August 6, 2024 8:30 PM

views 56

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছে। তেওঁ লগতে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বিষয় লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অন্য এগৰাকী কংগ্ৰেছ সাংসদ দীপেন্দ্র হুদাই কয় যে, দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অবিৰতভাৱে হ্ৰাস পাইছে। সাংসদগৰাকীয়ে ...

August 6, 2024 8:28 PM

views 59

প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাইঃ বিত্তমন্ত্ৰী সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্রশ্নকালৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে মাছুল আদায় কৰা সন্দৰ্ভত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে, চৰকাৰে বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিত্তীয় প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ উ...

August 6, 2024 8:26 PM

views 55

যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে জনাইছে যে যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, যোৱা ১০ বছৰত জলপথৰ জৰিয়তে কার্গো পৰিবহন ৬ গুণ বৃদ্ধি পাইছে। ২০১৩-১৪ বৰ্ষত ১ কোটি ৮০ লাখ মেট্রিক টনতকৈ অধিক সামগ্ৰী জলপথৰ জৰিয়তে পৰিবহন কৰা হৈছে। তেওঁ লগতে কয় যে ২০২৩-২৪ বৰ্ষত এই ক্ষমতা ১৩৩ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি হৈছে। জলপথ পৰিবহনৰ আটাইতকৈ সহজ মাধ্যম বুলিও শ্রীসোণোৱালে কয়।

August 6, 2024 8:07 PM

views 41

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ২৭টা নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত বিমানাকাশ আৰু প্ৰতিৰক্ষা, মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্রাংশ, জৈৱ প্রযুক্তি, বস্ত্ৰ আৰু সাজ-পাৰ, পৰ্যটন আৰু আতিথ্য, শিক্ষা সেৱাসহ ২৭ নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদোগত ৰাজ্যমন্ত্রী জীতিন প্রসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৪ চনৰ ২৫ চেপ্তেম্বৰত বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰসাৰ, শ্ৰেষ্ঠ বুনিয়াদি পৰিকাঠামোৰ নিৰ্মাণ আৰু ভাৰতবৰ্ষক নিৰ্মাণ ডিজাইন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰ...

August 1, 2024 8:41 PM

views 39

বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে

শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা-পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগণিমূলক বিত্তীয় সাহায্য প্ৰদান কৰে। জনশক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰাজ ভূষনে আজি লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ...

July 29, 2024 8:23 PM

views 57

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসমাৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে লিখিতভাৱে এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ টা নতুন সেউজ বিমান বন্দৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ভিতৰত বিগত ১০ টা বছৰত ১২ টা সেউজ বিমান বন্দৰ কাৰ্যক্ষম হৈ উঠিছে।

July 29, 2024 8:19 PM

views 74

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। ত্রিবেদীয়ে লগতে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্রনয়ণ কৰাৰ পাছতো নলা নৰ্দমা পৰিস্কাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে, দিল্লী জলবোৰ্ডৰ ঘাটি ৭৪ হাজ...

July 29, 2024 7:55 PM

views 70

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাত...

July 20, 2024 6:00 PM

views 73

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ'ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উল্লেখ কৰিছিল যে, এইবছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু...

July 7, 2024 7:05 PM

views 45

২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিবেশন ১২ আগষ্টলৈকে চলিব। তেওঁ কয় যে ২৩ জুলাইত লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত উত্থাপন কৰিবলগীয়া প্ৰথমখন বাজেট।