শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা-পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগণিমূলক বিত্তীয় সাহায্য প্ৰদান কৰে। জনশক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰাজ ভূষনে আজি লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে। ইয়াৰে ভিতৰত অসমৰো এটা প্ৰকল্প আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | August 1, 2024 8:41 PM | Parliament Session
বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে