ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাতনি মেলি বিজেপিৰ সুধাংশু ত্রিবেদীয়ে চৰকাৰে বিগত ১০ বছৰত লাভ কৰা সাফল্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে ব্ৰিটেইনক চেৰ পেলাই ইতিমধ্যে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকাৰে ৩৪ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে আৰু ইয়াৰ পৰা সেউজ শক্তিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতা প্রকাশ পাইছে বুলি বিজেপি সাংসদগৰাকীয়ে মন্তব্য কৰে।
আলোচনাত ভাগ লৈ দলৰ আন এগৰাকী সাংসদ ৰাকেশ সিনহাই সংবিধানৰ অৱমাননা কৰাৰ বাবে কংগ্ৰেছ দলক তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ দলে ভিন্ন ক্ষেত্ৰৰ বাবে ভিন্ন নৈতিক মানসিকতাৰে কাম কৰি আহিছে আৰু দলটোৱে নিৰ্বাচনত জয়ী হ’লে ই ভি এমৰ প্ৰশংসা কৰাৰ বিপৰীতে পৰাজয় বৰণ কৰিলে ই ভি এমক দোষাৰোপ কৰি আহিছে। আলোচনাত অংশ লৈ ৱাই এছ আৰু কংগ্ৰেছৰ গোলা বাবু ৰাৱে জম্মু- কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক ভূয়সী প্রশংসা কৰে। সংবিধানৰ প্ৰণেতা ড০ বি আৰ আম্বেদকাৰেও জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পোষকতা কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে। বিজেপিৰ কবিতা পাটিদাৰ, কৃষ্ণলাল পাৱাৰ, ড০ ভীম সিং, ড০ অনিল বোন্দে, ৰাম চন্দৰ জাংৰা আৰু আন ভালেসংখ্যক সাংসদে আলোচনাত ভাগ লয়। আমালৈ বাতৰি অহাৰ পৰলৈকে আলোচনা অব্যাহত আছিল।
Assamese | June 28, 2024 8:14 PM | Parliament House | Parliament of India | Parliament Session | President Murmu
সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা