সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হ’ব আৰু ১৩ আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
শ্রীৰিজিজুৱে সামাজিক মাধ্যম যোগে কয়, যে এই অধিবেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতর্ক আলোচনা আৰু সিদ্ধান্ত গ্রহণত গুৰুত্ব আৰোপ কৰা হ’ব।