চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীটক লৈ প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজিও ব্যাহত হয়।
লোকসভা দিনৰ ১১ বজাত মিলিত হোৱাৰ সময়ত সদনে জাপানৰ হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অধ্যক্ষ ওম বিলাই কয়, যে এই বিস্ফোৰণে আজি ৮১ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিলে। তেওঁ কয়, যে ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত চহৰ দুখনত নিক্ষেপ কৰা পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ ফলত লাখ লাখ নিৰীহ লোক নিহত হৈছিল আৰু অগণন লোক আহত হৈছিল।
এই ঘটনাৰ পাছত সমগ্ৰ বিশ্ব প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ বিধবংসী প্ৰভাৱৰ বিষয়ে অৱগত হৈছিল বুলি শ্রীবিলাই মন্তব্য কৰে। অধ্যক্ষগৰাকীয়ে কয়, যে সদন গণ বিধ্বংসী অস্ত্ৰ-শস্ত্ৰ মুক্ত বিশ্বৰ প্ৰতি প্রতিশ্রুতিবদ্ধ। তেওঁ লগতে গোলকীয় শান্তি আৰু সমন্বয় সুনিশ্চিত কৰাৰ বাবে পাৰমাণৱিক অস্ত্ৰ আঁতৰ কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ সংকল্প লয়।
সদনে লগতে হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকলৰ স্মৃতিত মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা বিষয়টো উত্থাপন কৰে।
বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। অধ্যক্ষই কয় যে প্রশ্নকাল সংসদৰ কাৰ্যক্ৰমণিকাৰ গুৰুত্বপূৰ্ণ অংশ আৰু প্ৰশ্নকালত প্ৰতিগৰাকী সদস্যই নিজৰ বিষয় উত্থাপনৰ সুযোগ লাভ কৰে। তেওঁ লগতে কয় যে সংসদ আলোচনা, প্রশ্ন উত্থাপন আৰু আৱধাৰণাৰ অর্থবহ বিনিময়ৰ মাধ্যম । ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ৰাজ্যসভাতো শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে কাম-কাজ ব্যাহত হয়। কার্যক্রমণিকা প্রথম বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণণে বিৰোধী পক্ষৰ হুলস্থূল মাজতে প্রশ্নকাল আৰম্ভ কৰে।
পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে পাহাৰীয়া আৰু সীমামূৰীয়া অঞ্চলৰ আন্তঃগাঁথনি সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে । ইয়াৰ পাছতে আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আদালতৰ বিভিন্ন খালী পদ সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ শ্লোগান অব্যাহত ৰখাত সভাপতিয়ে সদনৰ কাম-কাজ দিনৰ ২ বাজি ১৫ মিনিটলৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত বাণিজ্য, উদ্যোগ আৰু সাৰ তথা ৰসায়ন বিষয়ক সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদন উত্থাপন কৰা হয়।
ইয়াৰ পাছতে সভাপতিয়ে শূন্যকালৰ কাম-কাজ আৰম্ভ কৰে আৰু কেইবাগৰাকীও সাংসদে জৰুৰী বিষয় উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্ৰতিগৰাকী সদস্যই সদনৰ গৰিমা বৰ্তাই ৰাখিব বুলি আৰু সংশ্লিষ্ট বিষয় সন্দৰ্ভত আশা কৰা হয়।
তেওঁ কয় যে প্ৰতিগৰাকী সদস্যই মুক্তভাৱে নিজৰ মন্তব্য ৰখাৰ অধিকাৰ আছে, যদিও নিয়ম আধাৰিত আৰু অৰ্থবহ প্ৰক্ৰিয়াৰ মাজেৰে এয়া কৰা উচিত। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে।