September 18, 2026 2:14 PM

views 7

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নতুন দিল্লীত কালি সেৱা সংকল্প অভিযানত অংশ লৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রী ৰিজিজুৱে উল্লেখ কৰে যে ভাৰতে আন্তঃগাঁথনি, যোগাযোগ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাৰ কথা উল্লেখ কৰি শ্ৰী ৰিজিজুৱে কয়, যে অতি ভিতৰুৱা সীমান্...

August 7, 2026 8:16 PM

views 20

বিৰোধী সদস্যৰ বাধাৰ মাজতো সংসদৰ দুয়োখন সদন কার্যক্ষম হৈ আছে : ৰিজিজু

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী কিৰেণ বিজিজুৱে কয়, যে বিৰোধী সদস্যৰ বাধাৰ মাজতো সংসদৰ দুয়োখন সদন কার্যক্ষম হৈ আছে। সংসদৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীৰিজিজুৱে কয়, যে লোকসভাই আজি ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক ২০২৬ গৃহীত কৰিছে। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিবেশৰ বাবে দুয়োখন সদনত আলোচনা সীমিত হৈ পৰিছে।

July 17, 2026 8:51 PM

views 25

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু কিৰেণ ৰিজিজুও এই বৈঠকত উপস্থিত থাকে। বৈঠকত বর্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, অহা ২০ তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন ১৩ আগষ্টলৈ চলিব।

July 4, 2026 8:22 PM

views 19

চলিত মাহৰ ২০ তাৰিখৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ ২০ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন ১৩ আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পষ্টত জনাই যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ'ব।

July 1, 2026 2:40 PM

views 34

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ স...

January 24, 2026 9:16 PM

views 190

ভাৰত ভ্ৰমণলৈ অহা ইউৰোপীয় আয়োগৰ সভানেত্ৰী উছুলা ভ’ন দাৰ লেয়ন দিল্লীত উপস্থিত

ভাৰত ভ্ৰমণলৈ অহা ইউৰোপীয় আয়োগৰ সভানেত্ৰী উছুলা ভ'ন দাৰ লেয়ন আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, যে তেওঁৰ এই ভ্রমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে অন্বেষণ কৰিব। তেওঁ লগতে কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত পাৰস্পৰিক বিশ্বাস আছে। সোমবাৰে গণৰাজ্য দিৱস উদযাপনত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কোস্তাৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুয়োগৰাকী নেতাই চলিত মাহৰ ২...

January 18, 2026 8:52 PM

views 62

তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৰ অভিযোগ

তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবঙ্গৰ বিজেপি গোটে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তা পুনৰ প্ৰচাৰ কৰি শ্ৰীৰিজিজুৱে কয়, যে দলটোৱে দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ কাঢ়ি অবৈধ প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিছে। তৃণমূল কংগ্ৰেছৰ শাসনাধীন পশ্চিমবঙ্গত কোনো আইনৰ শাসন নাই বুলিও তেওঁ অভিযোগ কৰে। দেশৰ সংবিধানৰ সুৰক্ষাৰ বাবে সকলোকে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

December 30, 2025 10:17 AM

views 76

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ অন্য ৰাজ্যসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দিল্লীৰ দৰে আৰক্ষীৰ বিশেষ গোট গঠনৰ পোষকতা

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অন্য ৰাজ্যসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দিল্লীৰ দৰে আৰক্ষীৰ বিশেষ গোট গঠনৰ পোষকতা কৰিছে। ডেৰাডুনত ত্ৰিপুৰাৰ এগৰাকী শিক্ষাৰ্থীয়ে আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এনে আক্ৰমণ সমাজৰ বাবে ক্ষতিকাৰক। উত্তৰাখণ্ডৰ চৰকাৰে আক্ৰমণৰ সৈতে জড়িত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

November 24, 2025 8:36 PM

views 87

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।

November 5, 2025 8:32 PM

views 98

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজুৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজুৱে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে এইবুলি অভিযোগ তোলে যে, শ্রীগান্ধীয়ে নির্বাচনী ফলাফল কংগ্ৰেছৰ সপক্ষে নগ'লে নির্বাচন আয়োগ আৰু ই ভি এমক দোষাৰোপ কৰে। কংগ্ৰেছে ভোটাৰ তালিকাৰ যিকোনো বিসংগতিক লৈ নির্বাচন আয়োগৰ ওচৰত অভিযোগ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্রীগান্ধীয়ে নিৰৰ্থক বিষয় কিছুমান উত্থাপন কৰা বু...