ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগেঃ কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰা বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে।

আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰিলে সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়।

বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰিয়েও কংগ্ৰেছ দলে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ’ প্ৰকাশ কৰি ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীভাণ্ডাৰিয়ে লগতে কংগ্ৰেছ দলক দেশৰ গণতন্ত্ৰৰ বাবে বৃহৎ ভাবুকি বুলি অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।