October 6, 2026 7:53 PM

views 3

ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগেঃ কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰা বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে। আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰিলে সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰিয়েও কংগ্ৰেছ দলে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা...

September 3, 2026 6:33 PM

views 15

ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ ৰাজনৈতিক মিত্রতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা

কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্রমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এই দলীয় নির্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰা হয়। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এটা স্পষ্ট বাৰ...

January 13, 2026 9:00 PM

views 84

তৃণমূল কংগ্ৰেছ পাৰ্টীক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন বিজেপিৰ

বিজেপিয়ে আজি তৃণমূল কংগ্ৰেছ পাৰ্টীক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্র তুহিন সিন্হাই টি এম চিৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত ৰাজনৈতিক পৰামৰ্শদাতা প্রতিষ্ঠান আই পি এ চিৰ কাৰ্য্যালয়ত সঞ্চালকালয়ৰ অভিযানৰ সময়ত তেওঁ হস্তক্ষেপ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। শ্রীসিনহাই কয়, যে এই অভিযানৰ পাছত টি এম চিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে, যাৰ ফলত টি এ...

January 6, 2026 7:33 AM

views 74

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্‌টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে। আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ...

November 24, 2025 8:49 PM

views 77

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদ...

November 13, 2025 12:17 PM

views 87

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

October 17, 2025 12:50 PM

views 116

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় - দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে। কালি প্রকাশিত তালিকা অনুসৰি কাৰৱা সমষ্টিৰ পৰা চাকিল আহমেদ খান আৰু বেগুচৰাই সমষ্টিৰ পৰা অমিতা ভুষণ নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে মংগল ৰামক চেনাৰী, সঞ্জয় তিৱাৰীক বাক্সাৰ আৰু আনন্দ শংকৰ সিঙক ঔৰংগ...

September 2, 2025 8:26 PM

views 76

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছ- আই এন টি ইউ চিৰ ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত ৰমন্না বৰুৱাই সংস্থাটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ লগতে চবনম চুলতানাই ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত ৭৫ গৰাকী সক্ৰিয় সদস্য আৰু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

August 31, 2025 9:50 PM

views 98

বিজেপিৰ অসম প্ৰদেশ গোটৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও

বিহাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত দাভাঙ্গাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যৰ বিৰোধিতাৰে বিজেপিৰ অসম প্ৰদেশ গোটে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ সহস্ৰাধিক কাৰ্যকৰ্তাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি ৰাহুল গান্ধীয়ে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী তোলে। বিজেপিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছ দলক সকিয়াই দিয়ে।

August 21, 2025 5:07 PM

views 132

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল

আই এন ডি আই মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ, ডি এম কেৰ নেতা তিৰুচি শিৱা আৰু টি এম চিৰ নেত্ৰী শতাব্দী ৰয়কে ধৰি আই এন ডি আই মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে শ্ৰীৰেড্ডীয়ে সংসদ ভৱনৰ প্ৰেৰ...