বিৰোধী পক্ষই শাসকীয় বিজেপিক নির্বাচনী প্রক্রিয়াত অসাধু উপায় অৱলম্বন বা ভোট চুৰি কৰাকে ধৰি বিভিন্ন অভিযোগ সাব্যস্ত কৰাৰ প্ৰতিবাদত বিজেপিয়ে দেশজুৰি কালি পদযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিমলাত কালি এই কাৰ্যসূচীত অংশ লয়। তেওঁ কয়, যে বিৰোধী পক্ষই প্রমাণ অবিহনে শাসকীয় দলক ভোট, চুৰিৰ অভিযোগ তোলা বিষয়টোৰ সমালোচনা কৰিছে। ড° শৰ্মাই কয়, যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বাৰে বাৰে নির্বাচনী প্রক্রিয়াত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে যদিও ইয়াৰ সমৰ্থনত প্ৰমাণ দিবলৈ অসমৰ্থ হৈছে।
কংগ্ৰেছ নেতাগৰাকীয়ে নির্বাচন আয়োগক সমালোচনা কৰি অহাক লৈ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিৰোধী পক্ষই সাংবিধানিক প্রতিষ্ঠানক বদনাম কৰাৰ প্ৰয়াস চলোৱাৰ পৰিৱৰ্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক মানি চলা উচিত। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাইও বিৰোধী পক্ষৰ প্ৰতিবাদক সমালোচনা কৰে। বিৰোধীয়ে প্ৰতিবাৰে নিৰ্বাচনত পৰাজয়ৰ পাছতে নিৰ্বাচনী প্ৰক্ৰিয়া সমালোচনা কৰে বুলি তেওঁ মন্তব্য কৰে।