ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে।
আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ বাবে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদ বিপুল গগৈ, ডিগবৈ সমষ্টিৰ বাবে গুণকান্ত গগৈ, জোনাই সমষ্টিৰ বাবে ৰঞ্জিতা পেগু, ধুবুৰী সমষ্টিৰ বাবে আবু তাহেৰ আলী বেপাৰী আৰু গোৱালপাৰা পূৱ সমষ্টিৰ বাবে আমানুল ইছলাম আছে। আবেদন পত্ৰ জমা দিয়াৰ প্ৰথম দিন হিচাপে পাঁচখন আবেদন ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ হেম হৰি পেগুৱে প্ৰাপ্তি স্বীকাৰ কৰিছে। অহা ২০ জানুৱাৰীলৈকে আবেদন পত্ৰ জমা দিয়াৰ দিন ধাৰ্য্য কৰা হৈছে।
Assamese | January 6, 2026 7:33 AM | Akashvani | Akashvani Guwahati | APCC | Congress | Political News
সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ