January 6, 2026 7:33 AM

views 66

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্‌টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে। আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ...

May 26, 2025 7:43 PM

views 74

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।