অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।
Assamese | May 26, 2025 7:43 PM | Akashvani | APCC | Congress | Gaurav Gogoi
গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি