কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্রমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এই দলীয় নির্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰা হয়।
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল। কিন্তু দীর্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰত লিপ্ত হৈ পৰা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। মিত্ৰজোঁটৰ নীতিবিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো সম্ভৱপৰ নহয় বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।