চলিত মাহৰ ২০ তাৰিখৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ ২০ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব। এই অধিৱেশন ১৩ আগষ্টত অন্ত পৰিব।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে।

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পষ্টত জনাই যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ’ব।