তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবঙ্গৰ বিজেপি গোটে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তা পুনৰ প্ৰচাৰ কৰি শ্ৰীৰিজিজুৱে কয়, যে দলটোৱে দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ কাঢ়ি অবৈধ প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিছে। তৃণমূল কংগ্ৰেছৰ শাসনাধীন পশ্চিমবঙ্গত কোনো আইনৰ শাসন নাই বুলিও তেওঁ অভিযোগ কৰে। দেশৰ সংবিধানৰ সুৰক্ষাৰ বাবে সকলোকে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
Assamese | January 18, 2026 8:52 PM | Kiren Rijiju
তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৰ অভিযোগ