September 18, 2026 2:14 PM | Kiren Rijiju

printer

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নতুন দিল্লীত কালি সেৱা সংকল্প অভিযানত অংশ লৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রী ৰিজিজুৱে উল্লেখ কৰে যে ভাৰতে আন্তঃগাঁথনি, যোগাযোগ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাৰ কথা উল্লেখ কৰি শ্ৰী ৰিজিজুৱে কয়, যে অতি ভিতৰুৱা সীমান্ত অঞ্চলসমূহত বৰ্তমান মটৰ গাড়ীৰ সুবিধা থকাৰ লগতে দেশৰ ৮০ কোটিতকৈও অধিক লোকে বিনামূলীয়া খাদ্য তথা অন্যান্য অত্যাবশ্যকীয় সামগ্রী লাভ কৰিছে। ভাৰত সম্প্ৰতি শক্তিশালী, নিৰাপদ আৰু স্থিৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।

তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাত আলোকপাত কৰে। তেওঁ কয়, যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে এনে আঁচনিসমূহৰ সুবিধা যাতে, সংখ্যালঘু সম্প্রদায়ৰ লোকসকলে লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ দিশত কাম কৰি আছে। জাতি, ধর্ম, বর্ণ নির্বিশেষে প্রতিজন ভাৰতীয়ই এই উন্নয়নমূলক আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।