কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে।
ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়।
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শ্রীচৌহান কালি ৰাজ্যখনত উপস্থিত হয়। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব।
ইয়াৰ আগেয়ে গৃহমন্ত্রী অমিত শ্বাহে কালি মুখ্যমন্ত্রী শ্রীখাণ্ডুৰ সৈতে টেলিফোনযোগে মত বিনিময় কৰে। মত বিনিময়কালত মুখ্যমন্ত্ৰী খাণ্ডুৱে ৰাজ্যখনৰ বান ব্যৱস্থাপনা, উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে শ্ৰীশ্বাহক অৱগত কৰে। অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যপাল কে টি পার্টনায়কক লোকভৱনত সাক্ষাৎ কৰি বান পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে।
উল্লেখযোগ্য যে, ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২১জন লোক আহত হৈছে। বানত ২৮খন জিলাৰ ৯০ হাজাৰ ৪৯৯জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে উজনি ছিয়াং জিলাত সৰ্বাধিক ৪৭ হাজাৰ ৩৫৭জন লোক প্ৰভাৱিত হোৱাৰ লগতে ছিয়াং জিলাত ২৩ হাজাৰ ৭১৫, ক্ৰা দাদি জিলাত ৮ হাজাৰ ১৭১ আৰু পূব কামেং জিলাত ৫ হাজাৰ ৮৯৫ জন লোক বানত প্ৰভাৱিত হৈছে।