September 30, 2026 9:18 PM

views 3

এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মাঃ শিৱৰাজ সিং চৌহান

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয়, যে ভোটাৰ তালিকাত ভুল নাইবা অভিজ্ঞ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'লে সমগ্র নির্বাচনী প্ৰক্ৰিয়াটো বিঘ্নিত হ'ব পাৰে। মন্ত্ৰীগৰাকীয়ে নির্বাচনী অনিয়ম সন্দৰ্ভত বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগক লৈও প্ৰশ্ন তোলে। তেওঁ কয়, যে মৃত লোকসকলৰ নাম ভোটদাতাৰ তালিকাৰ পৰা আঁতৰ কৰি যোগ্য নাগৰিকসকলক...

September 29, 2026 9:34 PM

views 3

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছে। এই কৌশলসমূহে শস্য চপোৱাৰ পাছৰ পৰিচালনা ব্যৱস্থা, বৈজ্ঞানিকভাৱে নির্মিত গুডাম ঘৰ আৰু বজাৰ ব্যৱস্থাৰ দিশকেইটা সামৰি লৈছে। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ ৰবি শস্য অভিযান, ২০২৬ৰ আজি দ্বিতীয় দিনা মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি কয় যে চৰকাৰে মাহজাতীয় শস্যৰ ন্যূনতম সমর্থিত মূল্যত ১০০ শতাংশ অ...

July 1, 2026 2:40 PM

views 34

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ স...

June 8, 2026 5:47 PM

views 25

ভাৰতে কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্‌ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ বৈঠকৰ আয়োজন কৰিছে

ভাৰতে অহা কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্‌ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। ভূপালত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতৰ চলিত বছৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা সূত্রে এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে সম্প্ৰতি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী শক্তিশালী গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে বিশ্বৰ কৃষি ভূমিৰ ৪২ শতাংশ অধিকাৰ কৰি আছে আৰু গোলকীয় খাদ্য উৎপাদনৰ ৪৫ শতাংশ বৰঙণি যোগাই আহিছে। শ্রীচ...

December 29, 2025 8:19 PM

views 50

এম জি এনৰেগা আঁচনিত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী

কেন্দ্রীয় কৃষি, কৃষক কল্যান আৰু গ্রামীন বিকাশ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আসোঁবাহসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী কৰিছে। আজি উত্তৰাখণ্ডৰ গৌচৰত ৰাজ্যিক কৃষক দিৱস ২০২৫ অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয়, যে পূৰ্বৰ আঁচনিখনে এশ দিনৰহে নিশ্চিত নিয়োগ প্রদান কৰিছিল আৰু নতুন আইনে এই নিশ্চিত ১২৫ দিনলৈ বৃদ্ধি কৰিলে। উল্লেখযোগ্য যে বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টক...

November 24, 2025 6:36 PM

views 65

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষত পৌৰাণিক কালৰে পৰা মানুহৰ লগত সকলো জীৱৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতি সজাগ মনোভাৱ আছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য ...

October 17, 2025 12:40 PM

views 61

দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ

● কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি এখন উচ্চ পর্যায়ৰ বৈঠকত সমগ্ৰ দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত শ্ৰীচৌহানে কয়, যে বর্তমান দেশত ৭৩১ টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ লগতে ক্ষুদ্র কৃষকৰ সুবিধাৰ বাবে এইসমূহক শক্তিশালী কৰাটো অতি প্রয়োজন। তেওঁ কয়, যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষকসকলৰ ওচৰলৈ যোৱাৰ বাবে প্রাথমিক মাধ্যম হিচাপে কাম কৰে আৰু প্ৰযুক্তিৰ প্ৰচাৰ, প...

October 10, 2025 3:26 PM

views 70

প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী ...

August 26, 2025 1:14 PM

views 54

আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বার্থত অগ্রাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ভূপালত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান- IISERৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ভাৰত সম্পূৰ্ণ আত্মবিশ্বাসী আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কোনোধৰণৰ আপোচ নকৰে। দেশৰ কৃষক আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ বিৰোধী কোনোধৰণৰ চুক্তিত চৰকাৰে স...

July 11, 2025 5:15 PM

views 64

কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিবঃ শিৱৰাজ সিং চৌহান

চৰকাৰে কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই কথা প্ৰকাশ কৰে। কইম্বাট’ৰত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আইকাৰৰ গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে কপাহৰ গছত দেখা বিভিন্ন ৰোগ চিনাক্ত কৰি ইয়াক নিৰাময় কৰাকে ধৰি কপাহৰ উৎপাদনকাৰী তথা সামগ্ৰিকভাৱে কৃষি উদ্যোগ সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষিৰ সৈতে জড়িত...