August 26, 2025 1:14 PM | Sivraj Singh Chouhan

printer

আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বার্থত অগ্রাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ভূপালত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান- IISERৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ভাৰত সম্পূৰ্ণ আত্মবিশ্বাসী আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কোনোধৰণৰ আপোচ নকৰে। দেশৰ কৃষক আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ বিৰোধী কোনোধৰণৰ চুক্তিত চৰকাৰে স্বাক্ষৰ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। শ্রীচৌহানে দৈনন্দিন ব্যৱহাৰৰ বাবে থলুৱাভাৱে উৎপাদিত সামগ্ৰীত অগ্ৰাধিকাৰ দিবলৈ ১৪৪ কোটি জনতাৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ বিষয়েও উল্লেখ কৰে ।