বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছে। এই কৌশলসমূহে শস্য চপোৱাৰ পাছৰ পৰিচালনা ব্যৱস্থা, বৈজ্ঞানিকভাৱে নির্মিত গুডাম ঘৰ আৰু বজাৰ ব্যৱস্থাৰ দিশকেইটা সামৰি লৈছে।

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ ৰবি শস্য অভিযান, ২০২৬ৰ আজি দ্বিতীয় দিনা মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি কয় যে চৰকাৰে মাহজাতীয় শস্যৰ ন্যূনতম সমর্থিত মূল্যত ১০০ শতাংশ অধিক্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত কৃষকসকলে যাতে এই ধন লাভ কৰে এই বিষয়ে সুনিশ্চিত কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে আন্তর্জাতিক পর্যায়ত বিনামূলীয়া বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিভিন্ন দেশত উৎপাদিত হোৱা শস্য, শাক- পাচলি আৰু ফল-মূলৰ আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ চেষ্টা চলাব।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতে আন্তর্জাতিক বজাৰ দখল কৰিব পাৰিলে কৃষকসকলে উৎপাদিত কৃষি সামগ্রীসমূহৰ অধিক মূল্য লাভ কৰিব পাৰিব আৰু লগতে কৃষিক্ষেত্ৰৰ বৈদেশিক বজাৰত ভাৰত এখন উল্লেখযোগ্য দেশ হিচাপে পৰিগণিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।