বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছে।
আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয়, যে ভোটাৰ তালিকাত ভুল নাইবা অভিজ্ঞ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ’লে সমগ্র নির্বাচনী প্ৰক্ৰিয়াটো বিঘ্নিত হ’ব পাৰে।
মন্ত্ৰীগৰাকীয়ে নির্বাচনী অনিয়ম সন্দৰ্ভত বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগক লৈও প্ৰশ্ন তোলে। তেওঁ কয়, যে মৃত লোকসকলৰ নাম ভোটদাতাৰ তালিকাৰ পৰা আঁতৰ কৰি যোগ্য নাগৰিকসকলক তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাত কোনো আপত্তি থকা উচিত নহয়।