June 2, 2025 9:44 AM

views 71

কৃষি ক্ষেত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ সৰ্বোচ্চ শক্তি: শিৱৰাজ সিং

কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে কৃষি ক্ষেত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ সৰ্বোচ্চ শক্তি। নতুন দিল্লীত কালি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৰাষ্ট্ৰীয় স্মৃতি আলোচনা চক্ৰৰ ৬০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি শ্রীচৌহানে গ্রাম্য ক্ষেত্ৰত দৰিদ্ৰ হ্ৰাস পোৱা আৰু দেশৰ জনসাধাৰণৰ জীৱনৰ মানৰ সকাৰাত্মক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে লাখপতি দিদি আঁচনি মহিলা সবলীকৰণৰ এক বৃহৎ অভিযান হিচাপে প্ৰমাণিত হৈছে। কৃষি ক্ষেত্ৰখনৰ উন্নয়ন সম্পর্কে মন্ত্ৰীগৰাকীয়ে কয়, যে অলপতে দুবিধ নতুন জ...

April 23, 2025 8:26 PM

views 74

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে। দেশৰ নাগৰিকসকলে নিৰ্বাচনৰ ঘনত্ব বিবেচনা কৰা উচিত, কাৰণ নিৰ্বাচনত তেওঁলোকৰ মূল্যৱান সময় আৰু প্ৰচুৰ অৰ্থৰ ব্যয় হয় বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। শ্রী চৌহানে যুক্তি আগবঢ়াইছে যে পৃথকে পৃথকে ...

February 21, 2025 8:29 PM

views 61

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ এই মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ মূল প্রতিপাদ্য বিষয় হৈছে উন্নত কৃষি - বিকশিত ভাৰত। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নতুন প্রজাতি আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন এই মেলা অন্যতম আকৰ্ষণ হ'ব। ইয়াৰ উপৰি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্র, কৃষক উৎপাদক সংস্থা, উদ্যোগী আৰু ষ্টার্টআপবোৰৰ প্ৰদৰ্শনীও এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব।

January 27, 2025 12:31 PM

views 62

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশেষভাৱে আমন্ত্ৰণ কৰি অনা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই মন্তব্য কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে আধুনিক কৃষি কৌশলৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি কয় যে কৃষকৰ সমস্যা সমাধানৰ বাবে আধুনিক প্ৰযুক্তিৰ সহায় লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কৃষকৰ ফচল পোনপটিয়াকৈ গ্ৰাহকৰ কাষলৈ নিব পৰা ব্যৱস্থাৰ ওপৰত গুৰুত্...

November 19, 2024 8:24 PM

views 61

খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বহনক্ষম আৰু লাভজনক কৃষি তথা সকলোৰে বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত গোলকীয় ভূমি সন্মিলন ২০২৪ সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য প্ৰকাশ কৰে। শ্ৰী চৌহানে কয়, যে ভূমি স্বাস্থ্য সম্প্রতি গোলকীয় চিন্তাৰ বিষয় হৈ পৰিছে। তেওঁ কয়, যে প্রায় ৩০ শতাংশ ভূমিৰ মান অৱনমিত হৈছে আৰু অতিমাত্রা ৰসায়নিক সাৰৰ ব্যবহাৰৰ ববে ভূমিৰ ক্ষতি-সাধন হৈছে। চৰকাৰে দেশত জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে কাম কৰি আছে ব...

August 15, 2024 8:26 PM

views 60

নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি কৰে। শ্ৰী চৌহানে এন পি এছ এছ এই ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ ফলত খেতিয়কসকলে তেওঁলোকৰ কৃষি সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ কীটনাশক ব্যৱহাৰৰ বিষয়ে জানিব পাৰিব। আজিৰ অনুষ্ঠানত শ্ৰী চৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা ভালেমান কৃষকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত প্রায় পাঁচ হাজাৰ কৃষক উপস্থিতি থাকে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ১০৯ বিধ অধিক উৎ...

July 5, 2024 6:52 PM

views 74

ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা প্ৰভাৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ঝাৰখণ্ডৰ প্ৰভাৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা কৰিছে। হেমন্ত চোৰেণৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি শ্ৰী চৌহানে বিজেপিয়ে কাকো হাৰাশাস্তি নকৰে বা ৰক্ষা নকৰে বুলি মন্তব্য কৰি অনুসন্ধানকাৰী সংস্থাসমূহে স্বাধীনভাৱে কাম কৰে বুলি গুৰুত্ব আৰোপ কৰে। ৰাঁচীত সাংবাদিকৰ সৈতে কথা-বাৰ্তাত তেওঁ কয় যে হেমন্ত চোৰেণ মুখ্যমন্ত্ৰী হোৱাটো অত্যাধিক স্বজন তোষণ আৰু ক্ষমতা লোভৰ এক উদাহৰণ ৷

June 18, 2024 11:37 AM

views 60

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্রীচৌহানে কয় যে, কেইবা দশক পূৰ্বে বুধনীৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, ৬ বাৰ বিধানসভালৈ নির্বাচিত হোৱা বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰাটো তেওঁৰ বাবে এটা অতি আৱেগিক মুহূৰ্ত। উল্লেখযোগ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত শিৱৰাজ সিং চৌহানে ৮ লাখ ২...