নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫ অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ এই মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ মূল প্রতিপাদ্য বিষয় হৈছে উন্নত কৃষি – বিকশিত ভাৰত। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নতুন প্রজাতি আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন এই মেলা অন্যতম আকৰ্ষণ হ’ব। ইয়াৰ উপৰি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্র, কৃষক উৎপাদক সংস্থা, উদ্যোগী আৰু ষ্টার্টআপবোৰৰ প্ৰদৰ্শনীও এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব।
Assamese | February 21, 2025 8:29 PM | Sivraj Singh Chouhan
নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫