কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ঝাৰখণ্ডৰ প্ৰভাৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা কৰিছে। হেমন্ত চোৰেণৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি শ্ৰী চৌহানে বিজেপিয়ে কাকো হাৰাশাস্তি নকৰে বা ৰক্ষা নকৰে বুলি মন্তব্য কৰি অনুসন্ধানকাৰী সংস্থাসমূহে স্বাধীনভাৱে কাম কৰে বুলি গুৰুত্ব আৰোপ কৰে। ৰাঁচীত সাংবাদিকৰ সৈতে কথা-বাৰ্তাত তেওঁ কয় যে হেমন্ত চোৰেণ মুখ্যমন্ত্ৰী হোৱাটো অত্যাধিক স্বজন তোষণ আৰু ক্ষমতা লোভৰ এক উদাহৰণ ৷
Assamese | July 5, 2024 6:52 PM | Sivraj Singh Chouhan
ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা প্ৰভাৰী শিৱৰাজ সিং চৌহানৰ