September 1, 2025 8:32 PM

views 70

নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত : ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে নির্বাচিত নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত। নতুন দিল্লীত আজি দিল্লী বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ ছাৰ্টি লাল গোৱেলৰ ৯৮ সংখ্যক জয়ন্তী উদযাপনৰ অনুষ্ঠানত সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে কয় যে বর্তমান সময়ত ভালেমান ৰাজনীতিকে ৰাজনৈতিক মুনাফাৰ বাবে বিভিন্ন মন্তব্য কৰে। তেওঁ নতুনকৈ নির্বাচিত সাংসদ আৰু বিধায়কসকলক গণতান্ত্রিক প্ৰক্ৰিয়া আৰু ইয়াৰ নীতি নিয়মসমূহ সন্মান জনাবলৈ আহ্বান জনায়। তেওঁ গণতন্ত্রত জনসাধাৰণ...

September 1, 2025 3:12 PM

views 82

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰেঃ কিৰেণ ৰিজিজু

● দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশলৈ বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও যে ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰে বুলি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীৰিজিজুৱে কয়, যে বিশ্বৰ শীৰ্ষ অর্থনীতবিদসকলে প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় অর্থনীতিক সর্বোৎকৃষ্টভাৱে আগবঢ়াই নিছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে দেশক আত্মনিৰ্ভৰ কৰি তুলিবলৈ মেক ইন ইণ্ডিয়াৰ প্ৰসাৰ তথা স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব বুলি মন্তব্য ...

August 1, 2025 8:24 PM

views 95

ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এনে ধৰণৰ মন্তব্যক ভালেমান বিৰোধী নেতাইও গৰিহণা দিছে। তেওঁ লগতে বিৰোধী দলসমূহক চলিত লোকসভা আৰু ৰাজ্যসভা অধিবেশনৰ কাৰ্যক্ৰমণিকাত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰিছে। শ্ৰীৰিজিজুৱে কয় যে সদন মিলিত হোৱাৰ সময...

July 20, 2025 7:19 PM

views 72

সর্বদলীয় বৈঠকত সদনৰ নেতাসকলে বর্ষাকালীন অধিৱেশনত উত্থাপন কৰিব বিচৰা বিষয়সমূহ দাঙি ধৰে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ উল্লেখ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰি চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছিল। লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাত সদনৰ নেতা জগত প্ৰকাশ নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ড° এল মুৰুগানে বৈঠকত অংশ লয়। তদুপৰি কংগ্ৰেছৰ...

July 4, 2025 8:14 PM

views 76

অহা সপ্তাহৰ পৰা হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা চৰকাৰৰ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনাইছে, যে ২০২৬ বৰ্ষৰ হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ চৰকাৰে অহা সপ্তাহৰ পৰা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হজ পর্যালোচনাৰ এখন সভাত উপস্থিত থকাৰ পাছতে মন্ত্ৰীজনে এখন সংবাদ মেল সম্বোধন কৰি আবেদনকাৰীসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনায়। তেওঁ লগতে আবেদনকাৰীসকলৰ পৰা জমা হোৱা ধনৰাশি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৌদি আৰৱ চৰকাৰৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ৬৫ বছৰৰ ওপৰৰ তীৰ্থযা...

June 12, 2025 3:11 PM

views 68

ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীৰ ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন কৰে। অহা দেওবাৰে এই অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' দৃষ্টিভংগীৰ অধীনত চৰকাৰৰ মুখ্য আঁচনি কাৰ্যসূচী আৰু সফলতাসমূহ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থনৈতিক সবলীকৰণ বিশেষকৈ পৰম্পৰাগত শিল্পী-কাৰিকৰসকলৰ সবলীকৰণৰ দিশত চৰকাৰৰ অবিৰত প্ৰচেষ্টাত আলোকপাত কৰা হৈছে। শ্ৰী ৰিজিজুৱে আজি সাংবাদিকৰ আগত কয়, যে গাঁৱৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিভা আছে আৰু ...

June 4, 2025 8:22 PM

views 64

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় : কিৰেণ ৰিজিজু

চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূর্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিৰিজুৱে কয় যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় আৰু ইয়াক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। তেওঁ কয় যে ৰ...

May 19, 2025 9:07 PM

views 59

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে'হৰ শ্ৰদ্ধা...

April 4, 2025 8:33 PM

views 46

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰভাৱে আলোচনা হোৱা নাই। তেওঁ লগতে কয় যে এই অধিবেশনৰ সময়ছোৱাত লোকসভাই ১৬খন নতুন বিধেয়ক আৰু ৰাজ্যসভাই ১৪খন নতুন বিধেয়ক গৃহীত কৰে।

April 2, 2025 6:25 PM

views 76

মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাক্‌ফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকুল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছে। বিধেয়কখনত বিৰোধিতা কৰাসকলক সমালোচনা কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোকে একমাত্র ৰাজনৈতিক কাৰণতহে এনে কৰিছে। একেধৰণৰ মত প্ৰকাশ কৰি সামাজিক ন্যায় ৰাজ্যমন্ত্রী বি এল বার্মাই কয়, যে বিধেয়কখন মুছলমান সকলৰ স্বাৰ্থৰ...