সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে নির্বাচিত নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত। নতুন দিল্লীত আজি দিল্লী বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ ছাৰ্টি লাল গোৱেলৰ ৯৮ সংখ্যক জয়ন্তী উদযাপনৰ অনুষ্ঠানত সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে কয় যে বর্তমান সময়ত ভালেমান ৰাজনীতিকে ৰাজনৈতিক মুনাফাৰ বাবে বিভিন্ন মন্তব্য কৰে। তেওঁ নতুনকৈ নির্বাচিত সাংসদ আৰু বিধায়কসকলক গণতান্ত্রিক প্ৰক্ৰিয়া আৰু ইয়াৰ নীতি নিয়মসমূহ সন্মান জনাবলৈ আহ্বান জনায়। তেওঁ গণতন্ত্রত জনসাধাৰণৰ বিশ্বাস সুৰক্ষিত কৰাৰ বাবে সংসদ তথা বিধানসভাসমূহ উপযুক্তভাৱে কাৰ্যক্ষম হ’ব লাগে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীৰিজিজুৱে ছাৰ্টি লাল গোৱেলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অনুষ্ঠানত কয় যে নির্বাচিত জনপ্রতিনিধিসকলে যিকোনো মন্তব্য কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে।
Assamese | September 1, 2025 8:32 PM | Kiren Rijiju
নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত : ৰিজিজু