সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এনে ধৰণৰ মন্তব্যক ভালেমান বিৰোধী নেতাইও গৰিহণা দিছে। তেওঁ লগতে বিৰোধী দলসমূহক চলিত লোকসভা আৰু ৰাজ্যসভা অধিবেশনৰ কাৰ্যক্ৰমণিকাত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰিছে। শ্ৰীৰিজিজুৱে কয় যে সদন মিলিত হোৱাৰ সময়তে বিৰোধীৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি সদনৰ মজিয়ালৈ উঠি গৈ সদনৰ কাম-কাজত বাধা আৰোপ কৰে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কৰা ৰাহুল গান্ধীৰ মন্তব্যক মন্ত্ৰীগৰাকীয়ে সাংবিধানিক প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে ভাবুকি বুলি অভিহিত কৰি কয় যে গণতন্ত্রক দুর্বল কৰাৰ বাবে এয়া এটা বৃহৎ ষড়যন্ত্র।
Assamese | August 1, 2025 8:24 PM | Akashvani Guwahati | Akashvani News | Congress | Kiren Rijiju | Rahul Gandhi
ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা