● দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশলৈ বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও যে ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰে বুলি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীৰিজিজুৱে কয়, যে বিশ্বৰ শীৰ্ষ অর্থনীতবিদসকলে প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় অর্থনীতিক সর্বোৎকৃষ্টভাৱে আগবঢ়াই নিছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে দেশক আত্মনিৰ্ভৰ কৰি তুলিবলৈ মেক ইন ইণ্ডিয়াৰ প্ৰসাৰ তথা স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে।
Assamese | September 1, 2025 3:12 PM | Akashvani | Akashvani News | GDP | GDP India | Kiren Rijiju | PMO Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰেঃ কিৰেণ ৰিজিজু