August 11, 2024 11:27 AM

views 59

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনত লোকসভাত প্রতিবেদন দাখিল কৰিব

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে, ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোৰ ভিতৰত লোকসভাত প্রতিবেদন দাখিল কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীৰিজিজুৱে কয় যে, যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত শুনানিৰ তাৰিখ প্ৰকাশ কৰিব। এই ক্ষেত্ৰত কেৱল মুছলমান লোকসকলেই নহয়, বৰঞ্চ ইতিবাচকভাৱে সমিতিৰ কাৰ্য প্ৰণালীত অংশগ্ৰহণ কৰিব বিচৰা যিকোনো সংগঠন আৰু ব্যক্তিক আদৰণি জনোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। বিধেয়কখন...

August 9, 2024 8:49 PM

views 59

বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত মন্ত্রী কিৰেণ বিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে কয় যে এইবেলিৰ অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম-কাজ সম্পন্ন হয়। অধিবেশনৰ সময়ছোৱাত এদিনো কাম-কাজ সম্পূৰ্ণৰূপে বিঘ্নিত হোৱা নাই আৰু উভয় সদনৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত সংসদে বাজেটৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰে আৰু কেইবাখনো বিধেয়ক গৃহী...

July 25, 2024 7:09 PM

views 59

দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কিৰেণ ৰিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে সংসদত বাজেট সন্দৰ্ভত ইতিবাচক আৰু অৰ্থৱহ আলোচনা হোৱাটো বিচাৰে। তেওঁ লগতে কয় যে, একাংশ দলৰ নেতাৰ ব্যক্তব্যই সদনৰ মৰ্যাদা হানি কৰিছে। তেওঁ বিৰোধী পক্ষক জনাদেশক সন্মান জনাবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰী ৰিজিজুৱে কয় যে, নির্বাচন সম্পন্ন হৈছে আৰু এতিয়া সকলোৱে বিকশিত ভাৰতৰ হকে ক...

July 14, 2024 8:44 PM

views 44

টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগমৰ হিতাধিকাৰীৰ সৈতে সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মত বিনিময়

সংসদীয় পৰিক্ৰমা তথা সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ সময়ছোৱাত গ্ৰহণ কৰা উন্নয়নৰ প্ৰচেষ্টা তিনিগুণ পর্যন্ত ত্বৰান্বিত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি লাডাখৰ বাবে উন্নয়নমূলক পৰিকল্পনা গ্রহণ কৰিছে। টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগম এন এম ডি এফ চিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত শ্ৰী ৰিজিজুৱে অঞ্চলটোত সংখ্যালঘুসকলৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত আলোক...

June 26, 2024 8:13 PM

views 63

অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰাৰ অভিযোগ খণ্ডন মন্ত্ৰী কিৰেণ ৰিজিজুৰ

লোকসভা অধ্যক্ষ নিৰ্বাচনৰ সময়ত অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । সংসদ ভৱনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰিজিজুৱে কয় যে চৰকাৰে ভোট বিভাজনৰ প্ৰস্তাৱ আনিব বিচাৰিছিল যদিও মৌখিক ভোটৰ সময়ত বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । ইপিনে, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে অস...

June 17, 2024 11:44 AM

views 59

ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সাক্ষাৎ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীৰিজিজুৱে কয় যে, এই সাক্ষাতৰ সময়ত শ্ৰী খাৰ্গেই নিজৰ জীৱনৰ বহুতো বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰে। তেওঁ কয় যে, তেওঁলোক সকলোৱে মিলি ৰাষ্ট্ৰৰ উন্নতিৰ হকে কাম কৰিব। উল্লেখযোগ্য যে অহা ২৪ জুনৰ পৰা হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ পূৰ্বেই শ্রীখাৰ্গেৰ সৈতে মন্ত্ৰীগৰাকীৰ এই সাক্ষাৎ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এই অধি...