লোকসভা অধ্যক্ষ নিৰ্বাচনৰ সময়ত অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । সংসদ ভৱনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰিজিজুৱে কয় যে চৰকাৰে ভোট বিভাজনৰ প্ৰস্তাৱ আনিব বিচাৰিছিল যদিও মৌখিক ভোটৰ সময়ত বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । ইপিনে, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে অস্থায়ী অধ্যক্ষ ভর্তৃহৰি মেহতাবে একাংশ বিৰোধীয়ে উত্থাপন কৰা ভোট বিভাজনৰ দাবীৰ প্ৰতি কাণষাৰ নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে।
Assamese | June 26, 2024 8:13 PM | Kiren Rijiju
অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰাৰ অভিযোগ খণ্ডন মন্ত্ৰী কিৰেণ ৰিজিজুৰ