সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে কয় যে এইবেলিৰ অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম-কাজ সম্পন্ন হয়। অধিবেশনৰ সময়ছোৱাত এদিনো কাম-কাজ সম্পূৰ্ণৰূপে বিঘ্নিত হোৱা নাই আৰু উভয় সদনৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত সংসদে বাজেটৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰে আৰু কেইবাখনো বিধেয়ক গৃহীত কৰে।
Assamese | August 9, 2024 8:49 PM | Kiren Rijiju
বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত মন্ত্রী কিৰেণ বিজিজুৰ