October 24, 2026 12:34 PM | CM in GMCH

printer

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰস্তাৱিত নতুন ভৱনৰ চূড়ান্ত নক্সাৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে লোকসেৱা ভৱনত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰস্তাৱিত নতুন ভৱনৰ চূড়ান্ত নক্সা আৰু পৰিকল্পনাৰ পৰ্যালোচনা কৰে। ৰোগীৰ বাবে সকলোধৰণৰ সুবিধা, পর্যাপ্ত পোহৰ, মুকলি কৰিড’ৰ আৰু উন্নত নির্মাণকার্য নিশ্চিত কৰি প্ৰকল্পটোৰ কাম আগবঢ়াই নিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। এই বৈঠকতে ৰাজ্যত সৰ্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান স্থাপনৰ প্ৰস্তাৱৰ বিষয়েও আলোচনা কৰা হয়।