March 29, 2024 9:29 PM

views 119

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ, অসমৰ ৪টা সোণৰ পদক অৰ্জন

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত আজিৰে পৰা খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ছুইমিং ফেডাৰেচন অৱ ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত ছাইৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখনত ১১০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাৰ আজি প্রথম দিনা বংগই ৬টা সোণ, ৭টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক দখল কৰে। আনহাতে, অসমে ৪টা সোণ, ৩টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। কাইলৈ অন্তিম দিনা ১০টা ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব।

March 29, 2024 8:11 PM

views 107

মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটি

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটিটো মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মার্চেল গ্রেণোলৰ্ছ আৰু আর্জেণ্টিনাৰ হোৰেচিয়ো জেবালোছৰ যুটিটোক ৬-১, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটিটো কাইলৈ ফাইনেলত আমেৰিকাৰ আষ্টিন ক্ৰাজিছেক আৰু ক্ৰ’ৱেছিয়াৰ ইভান ড’ডিকৰ সন্মুখীন হ'ব। এয়া হ'ব ৰোহন বোপন্নাৰ নিজৰ খেলুৱৈ জীৱনৰ চতুৰ্দশ এটিপি মাষ্টাৰ্ছ থাউজেণ্ড প্রতিযোগিতাৰ ফাইনেল। ...