September 10, 2026 2:26 PM

views 13

ইউ এছ অ’পেন টেনিছৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ’ব

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ'ব। অষ্টম বাছনিপ্রাপ্ত ছেল্‌ল্টনে কালি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্ল’ছ অল্কাৰাজক ৬-৭, ৬-১, ৬-৩, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে। একেদৰে টিয়াফ'ই আমেৰিকাৰে আন এগৰাকী খেলুৱৈ এলেক্স মিছেলচনক পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত কাইলৈ যোৱাবাৰৰ চেম্পিয়ন আয়িনা ছাবালেংকা তৃতীয় বাছনিপ্রাপ্ত...

September 7, 2026 2:08 PM

views 12

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নির্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক ৩-০ গ'লত পৰাস্ত কৰি ভাৰত মূল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতা অহা বছৰৰ ২৪ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ চীনত অনুষ্ঠিত হ'ব।

September 7, 2026 1:16 PM

views 21

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ চূড়ান্ত বিজয়ীৰ সন্মান

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ-ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

September 7, 2026 1:12 PM

views 18

মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত প’ল’ এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত

পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতা কালি অনুষ্ঠিত চূড়ান্ত খেলত প’ল' এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত কৰে। তৰুণ ক্লাবৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্রতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰিছিল। মাজুলী জিলাৰ সহকাৰী আয়ুক্ত অনুৰাগ পিতাম্বৰ বৰবৰাই কালি বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেল-পথাৰত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে।

September 2, 2026 8:47 PM

views 22

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্রেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বার্মা উপ-অধিনায়ক হিচাপে থাকিব। দলটোৰ আনকেইগৰাকীমান খেলুৱৈ হৈছে যশপ্রীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা ১৩, ১৫ আৰু ১৭ ছেপ্তেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব।

August 19, 2026 6:53 PM

views 38

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ' চিন ৱাৰ বিৰুদ্ধে খেলিব।

August 19, 2026 6:28 PM

views 30

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ দেহাৱসান

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰিৰীক শিক্ষা প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

August 11, 2026 11:58 AM

views 36

২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ ভাৰতৰ

নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে ৪ টা সোণ, ৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেৱে, ফইল আৰু এপি এই তিনিটা শ্ৰেণীৰে ছটা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেঞ্চাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেৱেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাদছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ...

August 6, 2026 6:21 PM

views 42

আমেৰিকাৰ ইউ জিৰোত অনুষ্ঠিত ২০ বছৰ অনুৰ্থ বিশ্ব এথলেটিক্স প্রতিযোগিতাত ভাৰতৰ নিজ নিজ ইভেণ্টৰ অন্তিম ৰাউণ্ডত স্থান দখল

আমেৰিকাৰ ইউ জিৰোত অনুষ্ঠিত ২০ বছৰ অনুৰ্থ বিশ্ব এথলেটিক্স প্রতিযোগিতাত ভাৰতৰ জেভলীন থোৱাৰ আশীষ যাদৱ, টি ধৰণিধৰণ, আৰু ডিক্সাছ থ্রোৱাৰ আমানত কমবোজে নিজ নিজ ইভেণ্টৰ অন্তিম ৰাউণ্ডত স্থান দখল কৰিছে। আশীষে পুৰুষৰ জেভলীন গ্রুপ এত আকর্ষণীয় প্রদর্শন আগবঢ়াই ৬৯.৮৭ মিটাৰ দূৰত্বলৈ দলিয়াই শীৰ্ষস্থান দখল কৰে। ৭৬.০২ মিটাৰ দূৰত্বলৈ দলিয়াই গ্ৰুপ বিৰ শীৰ্ষ স্থান দখল কৰা দক্ষিণ আফ্ৰিকাৰ জেন হেদ্রিক হেইমেনছৰ পাছতে তেওঁ সামগ্রিকভাৱে দ্বিতীয় স্থান দখল কৰে। ১৯ বছৰীয়া যাদৱে ৭৬.৪৯ মিটাৰ দূৰত্বলৈ দলিয়াই ব্যক্তিগত আৰ...

August 6, 2026 12:01 PM

views 53

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।