August 19, 2026 6:53 PM

views 30

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ' চিন ৱাৰ বিৰুদ্ধে খেলিব।

August 19, 2026 6:28 PM

views 26

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ দেহাৱসান

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰিৰীক শিক্ষা প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

August 11, 2026 11:58 AM

views 31

২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ ভাৰতৰ

নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে ৪ টা সোণ, ৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেৱে, ফইল আৰু এপি এই তিনিটা শ্ৰেণীৰে ছটা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেঞ্চাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেৱেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাদছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ...

August 6, 2026 6:21 PM

views 35

আমেৰিকাৰ ইউ জিৰোত অনুষ্ঠিত ২০ বছৰ অনুৰ্থ বিশ্ব এথলেটিক্স প্রতিযোগিতাত ভাৰতৰ নিজ নিজ ইভেণ্টৰ অন্তিম ৰাউণ্ডত স্থান দখল

আমেৰিকাৰ ইউ জিৰোত অনুষ্ঠিত ২০ বছৰ অনুৰ্থ বিশ্ব এথলেটিক্স প্রতিযোগিতাত ভাৰতৰ জেভলীন থোৱাৰ আশীষ যাদৱ, টি ধৰণিধৰণ, আৰু ডিক্সাছ থ্রোৱাৰ আমানত কমবোজে নিজ নিজ ইভেণ্টৰ অন্তিম ৰাউণ্ডত স্থান দখল কৰিছে। আশীষে পুৰুষৰ জেভলীন গ্রুপ এত আকর্ষণীয় প্রদর্শন আগবঢ়াই ৬৯.৮৭ মিটাৰ দূৰত্বলৈ দলিয়াই শীৰ্ষস্থান দখল কৰে। ৭৬.০২ মিটাৰ দূৰত্বলৈ দলিয়াই গ্ৰুপ বিৰ শীৰ্ষ স্থান দখল কৰা দক্ষিণ আফ্ৰিকাৰ জেন হেদ্রিক হেইমেনছৰ পাছতে তেওঁ সামগ্রিকভাৱে দ্বিতীয় স্থান দখল কৰে। ১৯ বছৰীয়া যাদৱে ৭৬.৪৯ মিটাৰ দূৰত্বলৈ দলিয়াই ব্যক্তিগত আৰ...

August 6, 2026 12:01 PM

views 46

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

August 5, 2026 5:10 PM

views 36

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প' পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানছ'ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ব...

August 5, 2026 4:44 PM

views 40

কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ লাভলীনা বৰগোঁহাইৰ

গ্লাচগত অনুষ্ঠিত কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেল্থ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ বাবে চেষ্টা চ...

July 30, 2026 4:06 PM

views 34

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ছমলেশ্বৰী স্পোর্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব।

July 30, 2026 11:59 AM

views 28

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি- 47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদু গাৱিটে ১০.৭১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাচিল মৰ্ছিংগানকথে ১০.৮৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মূৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত তিনিটা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্রতি ৩টা সোণ, ৯টা ৰূপ আৰু তিন...

July 17, 2026 12:55 PM

views 29

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাৰ দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে৷