ইউ এছ অ’পেন টেনিছৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ’ব

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ’ব। অষ্টম বাছনিপ্রাপ্ত ছেল্‌ল্টনে কালি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্ল’ছ অল্কাৰাজক ৬-৭, ৬-১, ৬-৩, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে।

একেদৰে টিয়াফ’ই আমেৰিকাৰে আন এগৰাকী খেলুৱৈ এলেক্স মিছেলচনক পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত কাইলৈ যোৱাবাৰৰ চেম্পিয়ন আয়িনা ছাবালেংকা তৃতীয় বাছনিপ্রাপ্ত জেচিকা পেগুলাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে, চতুর্থ বাছনিপ্ৰাপ্ত ক’কো গফ কাজাখস্তানৰ এলেনা ৰায়বাকিনাৰ সন্মুখীন হ’ব।

ছাবালেংকাই কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ বাছনিপ্ৰাপ্ত চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাক পৰাস্ত কৰাৰ বিপৰীতে আমেৰিকাৰ জেছিকা পেগুলাই স্বদেশৰে এম্মা নাভাৰ’ক পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ক’ক’ গ’ফে পঞ্চম বাছনিপ্ৰাপ্ত ৰাছিয়াৰ মিৰা এণ্ড্ৰিভাক আৰু দ্বিতীয় বাছনিপ্ৰাপ্ত কাজাখস্তানৰ এলেনা ৰায়বাকিনাই চীনৰ কিনৱেন ঝেঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।