September 10, 2026 2:26 PM
1
ইউ এছ অ’পেন টেনিছৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ’ব
ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ'ব। অষ্টম বাছনিপ্রাপ্ত ছেল্ল্টনে কালি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্ল’ছ অল্কাৰাজক ৬-৭, ৬-১, ৬-৩, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে। একেদৰে টিয়াফ'ই আমেৰিকাৰে আন এগৰাকী খেলুৱৈ এলেক্স মিছেলচনক পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত কাইলৈ যোৱাবাৰৰ চেম্পিয়ন আয়িনা ছাবালেংকা তৃতীয় বাছনিপ্রাপ্ত...