September 9, 2026 8:23 PM | US Open 2026

printer

ইউ এছ অপেন টেনিছত বেন ছেল্টন আৰু ফ্লেন্সেছ টাইফ’ৰ ছেমি ফাইনেলত প্রবেশ

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত আমেৰিকাৰ বেন ছেল্টন আৰু একাদশ বাছনিৰ ফ্লেন্সেছ টাইফ’ পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্রবেশ কৰিছে। অষ্টম বাছনিৰ ছেল্টনে নিউয়র্কত আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ চেম্পিয়ন কার্লোছ আলকাৰাজক তীব্র উত্তেজনাপূর্ণ পাঁচটা চেটৰ খেলত ৬-৭, ৬-১, ৬-৩, ১-৬ আৰু ৭-৬ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্রবেশ কৰে। ইফালে, যোৱা নিশা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ ফ্রেন্সেছ টাইফ’রে একে দেশৰে এলেক্স মাইকেলছেনক পৰাস্ত কৰে।