বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰিৰীক শিক্ষা প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল।
ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।