নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে ৪ টা সোণ, ৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেৱে, ফইল আৰু এপি এই তিনিটা শ্ৰেণীৰে ছটা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেঞ্চাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।
পুৰুষৰ শাখাৰ ছেৱেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাদছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে ৷
ফয়েল ইভেণ্টত তেজছ পাটিলে ৰূপ আৰু হেমাছ ছানাচামে ব্ৰঞ্জৰ পদক লাভ কৰে। এপি ইভেণ্টত লোকেশ ৱেমানীয়ে ৰূপৰ পদক, শৌর্য অশ্বিনী আৰু গডৱিন আনবকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টত জয়ছ আশিতাই সোণৰ আৰু সতীর্থ কানাগলক্ষ্মীয়ে ৰূপৰ পদক অৰ্জন কৰে৷
এপি ইভেণ্টত প্রাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্রিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ছেৱে ইভেণ্টত জেফাৰলাইনে সোণ, আখৰীয়ে ৰূপ আৰু শ্রেয়া গুপ্তাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে।