August 11, 2026 11:58 AM

views 36

২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ ভাৰতৰ

নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই ৪টা সোণৰ পদককে ধৰি মুঠ ১৭ টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে ৪ টা সোণ, ৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেৱে, ফইল আৰু এপি এই তিনিটা শ্ৰেণীৰে ছটা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেঞ্চাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেৱেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাদছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ...

July 30, 2026 4:22 PM

views 28

কমনৱেল্‌ল্থ গেমছত পেৰা সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাৱিট আৰু মহম্মদ বাছিল মৰ্ছিংগানাকাথিক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কমনৱেল্‌ল্থ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ T-47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাৱিট আৰু মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয়, যে ভাৰতৰ পেৰা এথলীটসকলে ক্রীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে দুয়োগৰাকী খেলুৱৈয়ে তেওঁলো...

August 25, 2025 10:42 AM

views 61

কমনৱেল্থ ভাৰোত্তোলনত ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রামত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ’ব

■ আহমেদাবাদত অনুষ্ঠিত কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ'ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ ৫ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। প্রতিযোগিতাৰ ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্রাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু ৭৯ কিলোগ্রাম শাখাত বেদৱত ভৰালীয়ে অংশগ্ৰহণ কৰিছে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে।