কমনৱেল্‌ল্থ গেমছত পেৰা সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাৱিট আৰু মহম্মদ বাছিল মৰ্ছিংগানাকাথিক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কমনৱেল্‌ল্থ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ T-47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাৱিট আৰু মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয়, যে ভাৰতৰ পেৰা এথলীটসকলে ক্রীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে।

দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে দুয়োগৰাকী খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তাৰে দেশবাসীক অনুপ্রাণিত কৰি যাব বুলি আশা প্রকাশ কৰে৷

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মূৰলী শ্ৰীশংকৰক অভিনন্দন জনায়। এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে খেলুৱৈকেইগৰাকীৰ এই সফলতা হৈছে দেশৰ এথলীটসকলৰ দক্ষতা, সমৰ্পৰ্ণ আৰু ক্ৰীড়া উৎকৃষ্টতাৰ নিদৰ্শন। শ্ৰীৰাধাকৃষ্ণণে অনাগত সময়ত খেলুৱৈকেইগৰাকীৰ উজ্বল ভৱিষ্যৎ কামনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।