নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে।
ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে।
ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ’ চিন ৱাৰ বিৰুদ্ধে খেলিব।