September 7, 2026 1:16 PM

views 2

ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে চেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটিটোৱে ফাইনেলত চীনৰ হি জি টিং আৰু ৰেন জিয়াং য়ুক ১১-২১, ২১-১৩, ২১-১৭ গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়। স্বাত্বিকসাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়তো খিতাপ অর্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অ'পেন ছুপাৰ 750 ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্রতিযোগিতাত ৰাৰ্ণ...

September 4, 2026 5:04 PM

views 8

চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টী ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টীয়ে আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে যোৱানিশাৰ এখন খেলত ফ্ৰান্সৰ টোমা জুনিয়ৰ পপ’ভ আৰু ক্ৰিষ্ট' পপ’ভক ২১-১৭, ২২–২৪, ২১-৯ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, পুৰুষৰ ছিংগল্‌ছত কিদাম্বি শ্রীকান্তে আজি চেনজেনত অনুষ্ঠিত কোৱাৰ্টাৰ ...

September 3, 2026 8:21 PM

views 5

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত কাইলৈ শ্রীকান্ত লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ কিদাম্বি শ্রীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ হংকঙৰ লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কাইলৈ সন্ধিয়া চাৰে সাত বজাৰ পৰা অনুষ্ঠিত হ'ব। শ্রীকান্তে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ নৱম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।

August 19, 2026 6:53 PM

views 22

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ' চিন ৱাৰ বিৰুদ্ধে খেলিব।

August 19, 2026 11:18 AM

views 16

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিন্স ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত ১৬-২১ত পৰাস্ত হৈছিল ভাৰতীয় শ্বাটলাগৰাকী৷ অৱশ্যে তেওঁ পিছৰ দুখন খেলত ২১–৮, ২১-৪ গ'লত একপক্ষীয় জয় লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটিটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক ২১-১৫, ২১-১২৩ পৰাস্ত কৰে। ইফালে, ভাৰতীয় মহিলা ডাবলছত কবিপ্রিয়...

August 6, 2026 12:01 PM

views 35

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

August 5, 2026 7:32 PM

views 27

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। আনমোল খাব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। অনমোল খাবে হংকঙৰ ল' চিন য়ানক ১৬-২১, ২১-১৭, ২১-১২ গেম পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক ২২-২৪, ২১-১২, ২১-১৩ গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হ...

August 5, 2026 5:10 PM

views 25

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প' পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানছ'ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ব...

July 31, 2026 9:58 PM

views 17

টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মা

ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। উন্নতিয়ে প্রতিদ্বন্দী খেলুৱৈ দেৱীকা সিহাগক ২৩-২১, ২১-১৬ আৰু তনৱীয়ে থাইলেণ্ডৰ চুপানিদা কাটেহংগক ২১-১৫, ১৮-২১, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

July 18, 2026 8:06 PM

views 22

জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ট’কিঅ’ত অনুষ্ঠিত জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হবলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ চাৰি নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন-য়ু-ফেইক ২১-১৯ ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত ১৫-১০ ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত ...