ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে চেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে।
ভাৰতীয় যুটিটোৱে ফাইনেলত চীনৰ হি জি টিং আৰু ৰেন জিয়াং য়ুক ১১-২১, ২১-১৩, ২১-১৭ গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে বিবেচিত হয়।
স্বাত্বিকসাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়তো খিতাপ অর্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অ’পেন ছুপাৰ 750 ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্রতিযোগিতাত ৰাৰ্ণাছআপ হৈছিল।